Home ৰাজ্যদুৰ্নীতি কৰা সকলক জেললৈ প্ৰেৰণ কৰিব তুলিৰাম ৰংহাঙে !!!

দুৰ্নীতি কৰা সকলক জেললৈ প্ৰেৰণ কৰিব তুলিৰাম ৰংহাঙে !!!

by News Desk
A+A-
Reset
tuliram

খেৰণিঃ দুৰ্নীতিৰ লগত আপোজ নহব। আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰে দুৰ্নীতি কৰিলে নিক্ষেপ কৰা হব জেললৈ।এই মন্তব্য কাৰ্বি আংলং স্বায়িত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ। গুৰুত্বপূৰ্ণ যে এনে মন্তব্যৰ পাছতেই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং ৰেংথেমা, হামৰেন, আমৰেং আৰু কপিলী পৰিষদীয় সমষ্টিত উন্নয়ন মূলক কামৰ আধাৰশিলা আৰু আঁচনিৰ শুভ উদ্বোধন কৰি জিলা উপায়ুক্তৰ সমুখতে এনেদৰে ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে তুলিৰাম ৰংহাঙে। 

উল্লেখযোগ্য যে আজি তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলংত মুঠ ১০০ খন আঁচনিৰ নতুন কামৰ আধাৰশিলা আৰু নিৰ্মীয়মান আঁচনিৰ শুভ উদ্বোধন কৰি এক চমক সৃষ্টি কৰে। বিশেষকৈ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এছ এইছ ৩৫-ইংতি কাইবং গাওঁ সংযোগী নৱ-নিৰ্মীত পথৰ শুভ উদ্বোধন কৰাৰ বিপৰীতে ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে কপিলী নৈ দাঁতিকাষৰীয়া তৰাডুবিত এছ ডি আৰ এফৰ অধীনত মাথাউৰি নিৰ্মাণ, ২ কোটি টকা ব্যয়ৰে গৰাখহনীয় ৰোধৰ বাবে বান্ধ নিৰ্মাণ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এছ এইছ ৩৫-লাংনিমছ’ সংযোগী পথ নিৰ্মাণ, প্ৰিলু-ৰংহাং গাওঁ সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0