গুৱাহাটীঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ সোমবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন নিৰ্বাচনত আছপ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয়ী হোৱাত মঙলবাৰে আছুৰ কেইবাগৰাকী নেতাই প্ৰাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰে৷
ছাত্ৰৰ সমস্যা সমাধানৰ বাবে কাম কৰি যাবলৈও প্ৰাৰ্থী সকলক আহ্বান জনায় আছু নেতাই৷ নিৰ্বাচনৰ ফলাফল অনুযায়ী সাধাৰণ সম্পাদকত মনমোহন চেতিয়া, সহঃ সাধাৰণ সম্পাদকত হিমাদ্ৰী শৰ্মা, সাংস্কৃতিকত পল্লৱী হাজৰিকা, সংগীতত অমৰজ্যোতি কাকতি, ক্ৰিকেটত পাৰ্থপ্ৰতিম বৰাই জয়ী হয়।