গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ কেইবাটাও বিভাগত পূৰ্বতকৈ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ তাৰ ভিতৰত ইতিহাস, তৰ্কশাস্ত্ৰ, দৰ্শন বিভাগত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা৷ আনফালে, বিশ্ববিদ্যালয়খনত বিচিএ বিভাগক লৈ কৰ্তন কৰা নকৰাক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা হৈছে৷
দৰাচলতে কিছুদিন পূৰ্বে এক জাননীৰ জৰিয়তে কৰ্তৃপক্ষই বিশ্ববিদ্যালখনত বিচিএ বিভাগ নাথাকিব বুলি ঘোষণা কৰিছিল৷ তাৰ পাছতেই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্তক ধিক্কাৰ দিয়াৰ লগতে এই বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷