গুৱাহাটীঃ অসমৰ বৌদ্ধিক আন্দোলনৰ ত্ৰাণ কৰ্তা হিচাপে সমাদৰ লাভ কৰা ১১৯ বছৰীয়া কটনত সংযোজন হ’ব এক নতুন ইতিহাসৰ অধ্যায়। সেই অনুসৰি এতিয়াৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিধান কৰিব লাগিব ইউনিফৰ্ম।
২০১৯ ৰ নতুন শিক্ষাবর্ষৰপৰা বিশ্ববিদ্যালয়খনৰ উচ্চতম মাধ্যমিকৰ প্ৰথম বর্ষৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিধান কৰিব লাগিব উইনিফৰ্ম। প্ৰথমবর্ষৰ বাবে বিশ্ববিদ্যালয় খনত কেৱল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক হ’ব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইউনিফৰ্ম নতুনকৈ সংযোজন কৰাৰ সন্দৰ্ভত কয় যে বিশ্ববিদ্যালয়ৰ অনুশাসন শিক্ষাৰ্থীয়ে মানি চলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বুলি জানিবলৈ দিয়ে।