ডিজিটল ডেস্কঃ যৌন নিৰ্যাতিতাৰ নাম আৰু ফটো প্ৰকাশ কৰা অনুচিত৷ কিয়নো এনে কাৰ্যৰ দ্বাৰা নিৰ্যাতিতা তথা পৰিয়ালবৰ্গই দীঘলীয়া সময় ধৰি যন্ত্ৰণা ভুগিবলগা হ’ব পাৰে৷ 

দিল্লী উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহী মূখ্য ন্যায়াধীশ গীতা মিট্টল আৰু ন্যায়মূৰ্ত্তী চী হৰি শংকৰ পীঠে বুধবাৰে এই মন্তব্য কৰে৷ আদালত এটি ব্যক্তিগত সংবাদ মাধ্যমক এই মন্তব্য শুনায়৷ জন্মু কাশ্মীৰৰ কাঠুৱা কাণ্ডত এগৰাকী ৮ বছৰীয়া নাবালিকাৰ নাম প্ৰকাশ কৰাৰ বাবে এটা সংবাদ মাধ্যমে আদালতৰ সন্মুখত ক্ষমা খুজিব লগা হয়৷ 

উল্লেখ্য যে কাঠুৱা কাণ্ডত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই হত্যা কৰা হৈছিল৷ ইয়াৰ পিছতেই এটা অনলাইন সংবাদ মাধ্যমে নাবালিকাগৰাকীৰ নাম আৰু ফটো প্ৰকাশ কৰিছিল৷ 

অধিবক্তা অৰবিন্দ নিগমে এই সন্দৰ্ভত আদালতত উত্থাপন অভিযোগ উত্থাপন কৰাৰ পাছতে দিল্লী উচ্চ ন্যায়ালায়ে সংবাদ প্ৰতিষ্ঠানটোলৈ খাতিয়ান বিচাৰি নিৰ্দেশ জাৰি কৰে৷ 

সহানুভূতি লাভ কৰিবলৈ আৰু ন্যায় তদন্ত ক্ষীপ্ৰ কৰাৰ কাৰণেই নাবালিকাৰ নাম আৰু ফটো প্ৰকাশ কৰা হৈছিল বুলি আদালতৰ সন্মূখত সংবাদ প্ৰতিষ্ঠানটোৱে উল্লেখ কৰে৷ লগতে সংবাদ মাধ্যমটোৱে দাবী কৰে যে কাঠুৱা কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা ছ’চিয়েল মাধ্যমসমূহত নিৰ্যাতিতাগৰাকীৰ নাম আৰু ফটো প্ৰকাশ পায় আহিছে৷ গতিকে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰাটো অপৰাধ নহয়৷ সংবাদমাধ্যটোৱে এয়াও কয় যে নাবালিকা গৰাকীৰ নাম আৰু ফটো প্ৰকাশৰ লগত ন্যায়ৰ কোনো সম্পৰ্ক নাই৷

কিন্তু আদালতৰ বিচাৰপীঠে সংবাদ মাধ্যমৰ কথাৰ সৈতে অসন্মতি প্ৰকাশ কৰি কয় যে এগৰাকী নিৰ্যাতিতাৰ নাম আৰু ফটো প্ৰকাশে নিৰ্যাতিতাগৰাকীৰ পৰিয়াল বৰ্গলৈ বিপদ মাতি আনিব পাৰে৷ 

আদালতে এয়াও কয় যে প্ৰদ্যোগিক অধিনিয়মৰ সূচনাৰ ভিত্তিত গুগল, ফেচবুক আদি ছ’চিয়েল মাধ্যমসমূহেো নাবালিকাগৰাকীৰ ফটো আৰু নাম প্ৰচাৰৰ বাবে দোষী সাব্যস্ত হ’ব৷ আদালতে গুগল, ফেচবুক সহ কেইবাটাও ছ’চিয়েল মাধ্যমলৈ খাতিয়ান বিচাৰি নোটিচ প্ৰেৰণ কৰিছে৷ 

আদালতে ‘মৃতকৰ সন্মান থাকে’ বুলি কৈ নাবালিকাগৰাকীৰ নাম আৰু ফটো প্ৰকাশৰ বাবে দোষী সাব্যস্ত কৰি ৮টা সংবাদ মাধ্যমলৈ ১০ লাখকৈ জৰিমনা আদায়ৰ নিৰ্দেশ জাৰি কৰিছে৷