ডিজিটল ডেস্কঃ যৌন নিৰ্যাতিতাৰ নাম আৰু ফটো প্ৰকাশ কৰা অনুচিত৷ কিয়নো এনে কাৰ্যৰ দ্বাৰা নিৰ্যাতিতা তথা পৰিয়ালবৰ্গই দীঘলীয়া সময় ধৰি যন্ত্ৰণা ভুগিবলগা হ’ব পাৰে৷
দিল্লী উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহী মূখ্য ন্যায়াধীশ গীতা মিট্টল আৰু ন্যায়মূৰ্ত্তী চী হৰি শংকৰ পীঠে বুধবাৰে এই মন্তব্য কৰে৷ আদালত এটি ব্যক্তিগত সংবাদ মাধ্যমক এই মন্তব্য শুনায়৷ জন্মু কাশ্মীৰৰ কাঠুৱা কাণ্ডত এগৰাকী ৮ বছৰীয়া নাবালিকাৰ নাম প্ৰকাশ কৰাৰ বাবে এটা সংবাদ মাধ্যমে আদালতৰ সন্মুখত ক্ষমা খুজিব লগা হয়৷