ডিজিটেল ডেস্কঃ ১০বছৰীয়া এগৰাকী ধৰ্ষিতাৰ গৰ্ভপাতৰ আবেদন খাৰিজ কৰিলে  আদালতে৷ এই সিদ্ধান্ত চণ্ডীগড়ৰৰ এখন জিলা আদালতৰ৷

২৬ সপ্তাহৰ গৰ্ভৱতী ধৰ্ষিতাৰ পৰিয়ালে নাবালিকাগৰাকীৰ গৰ্ভপাতৰ বাবে আবেদন কৰিছিল আদালতত৷ কিন্তু চিকিৎসা বিজ্ঞান অনুসৰি যদি ২০ সপ্তাহতকৈ ততোধিক হয় গৰ্ভধাৰণৰ দিন তেন্তে গৰ্ভপাত কৰিলে সংকট নামিব পাৰে মাতৃৰ জীৱনলৈ৷ যদিহে গৰ্ভস্থ সন্তান অস্বাভৱিক হয় তেন্তে কৰাব পাৰে গৰ্ভপাত৷

এই দুৰ্ভগীয়া নাবালিকাক কেইবাবাৰো ধৰ্ষণ কৰিছিল নিজ মামাকে৷ শিশুটোৰ পিতৃ চৰকাৰী চাকৰিয়াল আৰু মাতৃ পৰিচাৰিকা৷ পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগতে এই কুকৰ্ম কৰিছিল মামাকৰূপী পাষণ্ডই৷