Home দেশপশ্চিমবংগ পালে কৰ’না ভাইৰাছ, ইংলেণ্ডৰ পৰা ওভতা যুৱকৰ শৰীৰত পজিটিভ

পশ্চিমবংগ পালে কৰ’না ভাইৰাছ, ইংলেণ্ডৰ পৰা ওভতা যুৱকৰ শৰীৰত পজিটিভ

by News Desk
A+A-
Reset
coronavirus-1584453088

কলকাতাঃ অৱশেষত চুবুৰীয়া পশ্চিমবংগ আহি পালে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি ৰখা মাৰাত্মক কৰ’না ভাইৰাছ। ইমানদিনে কৰ’না সন্দেহত পশ্চিমবংগত কেবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও কাৰো দেহত ৰোগবিধ ধৰা পৰা নাছিল। কিন্তু মঙলবাৰে নিশাৰ ভাগত ইংলেণ্ডৰ পৰা ওভতা এজন যুৱকৰ দেহত ধৰা পৰে covid-19ৰ সংক্ৰমণ। ইতিমধ্যে যুৱকজনক বেলেঘাটা আইডি হাস্পতালত বিশেষ আইছ’লেশ্যন ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰিছে পশ্চিমবংগৰ স্বাস্থ্য বিভাগে।

পশ্চিমবংগৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে যোৱা ১৫ মাৰ্চত ইংলেণ্ডৰ পৰা দেশলৈ উভতিছিল ৰাজ্যখনৰ এগৰাকী শীৰ্ষ আমোলাৰ পুত্ৰ উক্ত যুৱকজন। ইংলেণ্ডত এক পাৰ্টীত অংশগ্ৰহণ কৰিছিল যুৱকজনে। উক্ত পাৰ্টীত উপস্থিত থকা ৪জনৰ শৰীৰত ধৰা পৰিছিল কৰ’না ভাইৰাছ। অৱশ্যে ভাৰতলৈ ওভতাৰ পথত যুৱকজন কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0