বৰখলাঃ যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে গো-মাতা ৰক্ষাৰ অনেক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে একাংশ ক্ষমতাশালীৰ সহযোগ আৰু পৃষ্ঠপোষকতাত দুষ্ট চক্ৰই অসমৰ পৰা বাংলাদেশলৈ চোৰাংকৈ গৰু প্ৰেৰণ অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ বিভিন্ন স্থানেৰে এই চোৰাং বেহা অব্যাহত আছে।
যোৱা নিশা কাটিগড়া সমষ্টিৰ গুমৰা আৰক্ষীৰ অভিযানত দুখন গৰু ভৰ্ত্তি ট্ৰাকসহ তিনিজন গৰু ব্যৱসায়ী জালত পৰে৷ গোপন খবৰৰ ভিত্তিত গুমৰা আৰক্ষীয়ে ৰাজপথত তালাচী চলাই এএছ-১১-চিচি-১০৩২, এ এছ-০১-ডি ডি-২১৫৭ নম্বৰৰ দুখন ট্ৰাক সহ ২৬টা গৰু জব্দ কৰাৰ লগতে আব্দুল আলম তাপেদাৰ, আব্দুল কাইম তাপেদাৰ আৰু নাজিম উদ্দিন নামৰ লোক তিনিজনক গ্ৰেপ্তাৰ কৰে৷
আৰক্ষীয়ে আজি তিনিওজনকে আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলংবাৰ বসুমতাৰীয়ে জনোৱা মতে, ট্ৰাকেৰে গৰু কেইটা পাঁচ গ্ৰাম হৈ বাংলাদেশলৈ নিয়াৰ পথত চোৰাং কাৰবাৰী কেইজন জালত পৰে৷
লক্ষ্যণীয় যে গৰুৰ চোৰাং কাৰবাৰত ৰাজ্যৰ একাংশ প্ৰভাৱশালী ৰাজনীতিকে হাত উজান দিয়াৰ অভিযোগ দীৰ্ঘদিনৰ যদিও ইয়াক লৈ বিশেষ তদন্ত হোৱা নাই।