ডিজিটেল ডেস্কঃ গোৰক্ষাৰ নামত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অমানুষিক হত্যা-হিংসাৰ ঘটনাত উচ্চতম ন্যায়ালয়ে চিন্তা ব্যক্ত কৰিছিল৷ গোৰক্ষকে সংখ্যালঘু, দলিত সম্প্ৰদায়ৰ মাজত বিভীষিকাৰ সৃষ্টি কৰি আহিছে আৰু কেন্দ্ৰ চৰকাৰে এই সন্ত্ৰাস দমন কৰাৰ ক্ষেত্ৰত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুন মাহত গোৰক্ষাৰ নামত হোৱা সন্ত্ৰাসক গৰিহণা দিছিল যদিও কাৰ্যতঃ কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বিফল হয়। প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গোৰক্ষাৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰা লোকসকলক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ কিন্তু নৰেন্দ্ৰ মোডীৰ সমালোচনাই গোৰক্ষাৰ নামত সন্ত্ৰাস চলোৱা লোকসকলৰ মন পৰিবৰ্তন কৰিব পৰা নাই৷ কিয়নো গোৰক্ষা বাহিনীয়ে আজিও সন্ত্ৰাস চলাই গৈছে৷