ৰাজস্থানঃ গোৰক্ষাৰ নামত নৰহত্যাৰ প্ৰতিবাদত উতপ্ত হৈ পৰে আজি ৰাজস্থানৰ উচ্চ সদন৷ শনিবাৰে ৰাজস্থানৰ অলবৰত গোৰক্ষাৰ নামত কৰা আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন আহত হৈছিল৷ আৰক্ষীৰ তথ্য অনুসৰি বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ কিছু কৰ্মীয়ে আক্ৰমণ কৰিছিল এইসকল লোকক।
আজি উক্ত বিষয়টো লৈ উতপ্ত হয় উচ্চ সদন৷ তদুপৰি মৃত পেহলু খানৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে পৰিয়ালটোক ১কোটি টকা দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় পিপ’লছ ইউনিয়ন ফ’ৰ চিভিল লিবাৰ্টিছ দলটোৱে৷