ছৈখোৱাঘাটঃ তিনিচুকীয়া জিলাৰ শদিয়া, ছৈখোৱা আদি অঞ্চলৰ পৰা ব্যাপক হাৰত চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহ হৈ থকাৰ কথা পোহৰলৈ আহিছে। বিশেষ সূত্ৰে জানিব পৰা মতে, এটা বৃহৎ গৰু চুৰি চক্ৰই শদিয়া, ছৈখোৱা আদিৰ পৰা বিভিন্ন সময়ত কৃষক ৰাইজৰ চুৰি হোৱা গৰুসমূহ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে।
এই চক্ৰটোৱে ব্ৰহ্মপুত্ৰৰ চাপৰিত গা কৰি উঠা বন-জংঘলৰ জোপোহাসমূহত মজুত কৰি পৰৱৰ্তী সময়ত বৃহৎ বৃহৎ ট্ৰাকত তুলি নিশাৰ ভাগত নৱ নিৰ্মিত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেঁতুৰ ওপৰেৰে পাৰ কৰি ছৈখোৱাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি নি ধুবুৰী জিলালৈ চালাল দিয়া হয়।