কাছাৰঃ বাংলাদেশ অভিমুখে গৈ থকা এখন গৰু ভৰ্তি ট্ৰাক কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ পাথাৰকান্দিৰ কুকিতল অঞ্চলৰ পৰা AS-11-BC-2083 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে ১৭ টাকৈ গৰুসহ জব্দ কৰে।

জব্দ হোৱা গৰুকেইটাৰ মূল্য প্ৰায় ৮ লাখ টকা বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰা ট্ৰাকসহ গৰুকেইটা পাথাৰকান্দি আৰক্ষীৰ থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

একাংশ অবৈধ গৰু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি কৰিমগঞ্জ জিলাৰে ত্ৰিপুৰাত প্ৰৱেশ কৰি বাংলাদেশলৈ গৰু চালান দি ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।।