নলবাৰীঃ বৃহস্পতিবাৰে নলবাৰীত চি পি আই (এম)ৰ নৱম জিলা সন্মিলন অনুষ্ঠিত হয়৷ নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সন্মিলনত জিলা খনৰ কেইবাশতাধিক নেতা-কৰ্মী উপস্থিত থাকে৷ সন্মিলন উপলক্ষে বিশিষ্ট বাওঁপন্থী নেতা ৰাজেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট বাওঁপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে কংগ্ৰেছে অনুসৰণ কৰা জনবিৰোধী নীতি সমূহকে বিজেপি নেতৃত্বাধীন চৰকাৰে কৰিব ধৰিছে বুলি কয়।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চেনী, আটা আদি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মাজেৰে বিতৰণ কৰা বন্ধ হৈছিল আৰু এতিয়া বিজেপি চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোকে ধবংস কৰাৰ দিশে আগবাঢ়িছে। ‘এক দেশ এক কৰ’ ব্যৱস্থাৰ নামত জি এছ টি ৰাজ্য সমূহৰ ওপৰত জাপি দি সৰ্বত্ৰে ৰাইজক জুৰুলা কৰিছে বুলিও কয় দাসে। এয়াই হল বিজেপিৰ সুদিন৷ কংগ্ৰেছ আৰু বিজেপিয়ে এন আৰ চি ৰ নামত সংখ্যালঘু বনাম হিন্দু বাংলাদেশীৰ ৰাজনীতি আৰম্ভ কৰিছে।