গোৰেশ্বৰঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী) চমুকৈ চিপিআই(এম) গোৰেশ্বৰ আঞ্চলিক সমিতিৰ নৱম বাৰ্ষিক সন্মিলনখন অহা ৯, ১০ ডিচেম্বৰত দুদিনীয়াকৈ গোৰেশ্বৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।সন্মিলন সুচাৰুৰূপে পৰিচালনাৰ্থে মঙলবাৰে আবেলি ৪ বজাত পাৰ্টিৰ কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বিশিষ্ট কবি-সাহিত্যিক অজিত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে চিপিআই(এম)গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সম্পাদক শংকৰ চৌধুৰীয়ে।
সভাত চিপিআই(এম)ৰাজ্যিক নেতা কৰুণা ভূঞাৰ লগতে ৰতন দেৱনাথ, চণ্ডী বসুমতাৰী, দিপালী ডেকা, বিৰাজ ডেকাকে ধৰি বহুকেইজন বক্তাই বক্তব্য ৰাখে। বক্তাসকলে বৰ্তমান সময়ত সন্মিলনৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য প্ৰদান কৰি চিপিআই(এম)ৰ নৱম গোৰেশ্বৰ আঞ্চলিক সন্মিলন সফলভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গোৰেশ্বৰৰ গণতন্ত্র প্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰে।