ৰঙিয়াঃ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলাই৷ সোমবাৰে আগৰতলাৰ বেলনিয়া কলেজ চৌহদত থকা লেনিনৰ মূৰ্তি বিজেপিৰ সমৰ্থকে ভাঙি পেলায়৷ জানিব পৰা মতে, বিজেপিৰ সমৰ্থকে এক্সকেভেটৰেৰে লেনিনৰ মূৰ্তিটো ভাঙি পেলোৱাৰ লগতে বহু ঠাইত চিপিআইএমৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিভিন্ন দল-সংগঠনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ ইয়াৰ লগে লগে প্ৰতিবাদো সাব্যস্ত কৰে বামপন্থী দলে৷
ৰঙিয়াতো চি পি আইএমেে সমদল উলিয়াই পথসভা অনুষ্ঠিত কৰে৷ বুধবাৰে ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি বীৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত মুখ্য কাৰ্যালয়ৰ পৰা হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বিজেপি হুচিয়াৰ, বিজেপিৰ একনায়কত্ববাদ নচলিব, কমিউনিজিম জিন্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, লেনিনৰ প্ৰতিমূৰ্তি ধ্বংসকাৰীসকলক শীঘ্ৰে কৰায়ত্ত কৰক আদি ধ্বনি দি চহৰখনৰ মাজেৰে সমদল কৰি পৰিৱেশ উত্তাল কৰি তোলে৷