55
আগৰতলাঃ প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া ব্যস্ত হৈ পৰিছে ত্ৰিপুৰাৰ নিৰ্বাচনক লৈ৷ প্ৰতিদিনে বৰ বৰ সভা অনুষ্ঠিত কৰি জনসাধৰণৰ ভোট আদায়ৰ চেষ্টা কৰাৰ সময়তে শাসকীয় চিপিএম দলৰ নেতা-কৰ্মীৰ মাজত শোকৰ ছাঁ পৰে।
১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনত চৰিলম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা চিপিআইএমৰ প্ৰাৰ্থী ৰামেন্দ্ৰ নাৰায়ণ দেৱবৰ্মাই হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷