আগৰতলাঃ প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া ব্যস্ত হৈ পৰিছে ত্ৰিপুৰাৰ নিৰ্বাচনক লৈ৷ প্ৰতিদিনে বৰ বৰ সভা অনুষ্ঠিত কৰি জনসাধৰণৰ ভোট আদায়ৰ চেষ্টা কৰাৰ সময়তে শাসকীয় চিপিএম দলৰ নেতা-কৰ্মীৰ মাজত শোকৰ ছাঁ পৰে।

১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনত চৰিলম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা চিপিআইএমৰ প্ৰাৰ্থী ৰামেন্দ্ৰ নাৰায়ণ দেৱবৰ্মাই হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷

৬৩ বছৰীয়া দেৱবৰ্মাই মৃত্যুৰ সময়ত পত্নীৰ লগতে একমাত্ৰ পুত্ৰক এৰি থৈ যায়৷ উল্লেখ্য যে, বিধায়ক দেৱবৰ্মাই ২০১৩ চনত চৰিলম সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল৷

চিপিএম দলৰ চিপাহীজালা জিলা সমিতিৰ সদস্য সন্তোষ বিশ্বাসে জানিবলৈ দিয়া মতে, দেৱবৰ্মাই সোমবাৰে পুৱাৰে পৰা সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত বিষ অনুভৱ কৰিছিল আৰু লগে লগে বিশালগড় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷

কিন্তু দেৱবৰ্মাৰ অৱস্থা অতি শোচনীয় হৈ পৰাৰ বাবে চিকিৎসকে গোৱিন্দবল্লভ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিপিএম দলৰ নেতাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়৷