newsnextone.com | বিহালীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চিপিআই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে বৃহস্পতিবাৰে সমগ্ৰ বিহালী বিধানসভা সমষ্টিত প্ৰতিবাদ সাব্যস্ত কৰে৷ চিপিআই এম-এলৰ বিভিন্ন সমিতিয়ে সমগ্ৰ বিহালী সমষ্টিত সমদল উলিয়াই বিজেপি চৰকাৰে অসমৰ ওপৰত জাপি দিব বিচৰা জাতিধ্বংসি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷

এই কাৰ্যসূচী চিপিআই এম-এলে ১৬ মে’ৰ পৰা চলাই বৃহস্পতিবাৰে অন্ত পেলায়৷ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি  চিপিআই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে সমগ্ৰ বিহালী বিধানসভা সমষ্টিত প্ৰতিবাদী সমদল উলিয়াই৷ সমষ্টিটোৰ মিজিকা, কলাপানী, জিনজিয়া, মোনাবাৰী, মাদুৰালী, বৰগাং, বৰগাং চাহ বাগিচা, বিহালী আৰু বেদেতীত সমদল উলিওৱাৰ লগতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ 

বিধেয়ক খনৰ বিৰুদ্ধে সমগ্ৰ বিহালীৰ আকাশ বতাহ কঁপাই সমদলকাৰী সকলে-হিন্দুত্বৰ নামত বাংলাদেশী সংস্থাপন নচলিব, বিজেপি হটাও দেশ বচাও বিজেপি হটাও অসম বচাও, নাকৰিক সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল’গান দিয়ে৷ 

জিনজিয়া তিনিআলিৰ পৰা জিনজিয়া চেণ্টাৰলৈ উলিওৱা ১ কিলোমিটাৰ পথ সমদলত জিনজিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ধৰ্মকান্ত হালৈ আৰু পুস্প শৰ্মা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক লক্ষীকান্ত কুৰ্মী, বিপ্লৱী যুৱ সন্থাৰ পৰিমল গোড়ে অংশ লয়৷

মাদুৰালীত আৰু মোনাবাৰীত ২ কিলোমিটাৰ পথ সমদলত চিপিআই এম-এল নেতা অনন্ত হাজৰিকা আৰু কৃষ্ণ নাহৰী, কলাপানী আৰু মিজিকাত নৰোত্তম চুণ্ডী, বিহালী আৰু বেদেতীত চিপিআই(এম-এল)ৰ জিলা সম্পাদক লীলা শৰ্মা, বৰগাং চেণ্টাৰ আৰু বৰগাং চাহ বাগিচাত অজিত প্ৰজা, লক্ষীকান্ত কুৰ্মী আৰু পৰিমল গোড়ে অংশ লয়৷

তিনিসুতি চেণ্টাৰত চিপিআইএম-এলৰ জিলা সদস্য বিকাশ চুব্বাৰ নেতৃত্বত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিটো কাৰ্যসূচীতে ২-৩ শতাধিক লোকে অংশগ্ৰহণ কৰে৷