newsnextone.com | বিহালীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে চিপিআই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে বৃহস্পতিবাৰে সমগ্ৰ বিহালী বিধানসভা সমষ্টিত প্ৰতিবাদ সাব্যস্ত কৰে৷ চিপিআই এম-এলৰ বিভিন্ন সমিতিয়ে সমগ্ৰ বিহালী সমষ্টিত সমদল উলিয়াই বিজেপি চৰকাৰে অসমৰ ওপৰত জাপি দিব বিচৰা জাতিধ্বংসি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷
এই কাৰ্যসূচী চিপিআই এম-এলে ১৬ মে’ৰ পৰা চলাই বৃহস্পতিবাৰে অন্ত পেলায়৷ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি চিপিআই এম-এলৰ বিশ্বনাথ জিলা সমিতিয়ে সমগ্ৰ বিহালী বিধানসভা সমষ্টিত প্ৰতিবাদী সমদল উলিয়াই৷ সমষ্টিটোৰ মিজিকা, কলাপানী, জিনজিয়া, মোনাবাৰী, মাদুৰালী, বৰগাং, বৰগাং চাহ বাগিচা, বিহালী আৰু বেদেতীত সমদল উলিওৱাৰ লগতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷