newsnextone.com | ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ মহম্মদ স্বামীৰ পত্নী হাচিন জাহানে এইবাৰ হিন্দী বোলছবিত অভিনয় কৰিব৷ স্বামীৰ বিৰুদ্ধে মেচ ফিক্সিং কৰা, স্বামী-স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতন চলোৱাৰ লগতে পাকিস্তানৰ যুৱতীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল হাচিন জাহানে৷
আদালতত গোচৰ চলি থকাৰ সময়তে হাচিন জাহানে এখন বোলছবিত অভিনয় কৰিব বুলি খবৰ প্ৰচাৰ হৈছে৷ পত্নী হাচিনৰ অভিযোগৰ ভিত্তিতে বিচিচিআইয়ে ক্ৰিকেটাৰ স্বামীৰ বিৰুদ্ধে তদন্ত কৰিছিল যদিও কোনো ধৰণৰ প্ৰমাণ লাভ নকৰি নিৰ্দোষী সাব্যস্ত কৰিব লগা হয়৷