কামপুৰঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও জিলাৰ কামপুৰ। বিগত কিছুদিনত কেইবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে কামপুৰ অঞ্চলত। ৯ অক্টোবৰত কামপুৰ বৰকলা পথৰ কলাই খোৱাত সৌৰভ জ্যোতি হাজৰিকা নামৰ ছাত্ৰজনক নিশা কোনো দুৰ্বৃত্তৰ গুলীয়াই গুৰুতৰ ভাৱে আহত কৰা হৈছিল৷
তাৰ পাছতেই পুনৰ কামপুৰ পশ্চিম গুইমাৰীত চৰাইদেউ জিলাৰ চুনীল পাটৰ নামৰ লোক জনক সন্দেহ জনক অৱস্থাত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হয়। কিন্ত বুধবাৰে পাতৰে চিপ লোৱা ঠাইতে আন এটা মৃতদেহ পিতনিৰ পৰা উদ্ধাৰ হয়।