68
ডিজিটেল ডেস্কঃ এদিনতে উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি হ’ল কোটি পতিৰ সংখ্যা৷ ভাৰতবৰ্ষত দ্ৰুতগতিত কোটিপতিৰ সংখ্যা বাঢ়িছে যদিও কৰ্পৰেট গোষ্ঠীৰ বিপৰীতে এইবাৰ কোটি হ’ল গাঁৱৰ সাধাৰণ লোক৷ বুধবাৰে একেলগে ৩১ জন কোটিপতি হয় উত্তৰ পূৰ্বাঞ্চলত৷
আমোদজনক কথা এইয়ে যে এই কোটিপতিসকল একেখন গাঁৱৰে বাসিন্দা৷ অৰুণাচল প্ৰদেশৰ তবাংগ জিলাৰ অন্তৰ্গত বোমজা গাঁৱৰ সেনাই অধিগ্ৰহণ কৰা ভূমিৰ বিনিময়ত চৰকাৰে প্ৰদান কৰা জিৰাতৰ ধন লাভ কৰি কোটি হয় এখন গাঁৱৰ লোক৷