ডিজিটেল ডেস্কঃ অলপতে চত্তিশগড় ৰাজ্যৰ সুকমাত ২৫ জন চি আৰ পি এফ জোৱান ছহীদ হৈছিল মাওবাদীৰ হাতত। মাওবাদীৰ ভয়ংকৰ আক্ৰমণৰ বাবে দেশজুৰি হৈছিল কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা।
পৰবৰ্তী সময়ত কোনো সময়ৰ ব্যয় নকৰি ২৬ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাওবাদীৰ সন্ত্ৰাস দমনৰ বাবে চি আৰ পি এফক সকলো প্ৰট’কলৰপৰা পৰা মুক্ত কৰি দিছিল ৭৫ দিনৰ বাবে। উক্ত সময়ছোৱাত চি আৰ পি এফ বাহিনীক যিমান সেনা, যি ধৰণৰ অস্ত্ৰৰ প্ৰয়োজন হয় যোগানৰ নিশ্চয়তা প্ৰদান কৰিছিল কেন্দ্ৰই।