ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযানত নামি পৰিল জন্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষীৰ দল৷ শনিবাৰে শ্ৰীনগৰত সেনা-আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ শিৱিৰত আক্ৰমণ চলোৱাত ৩ সন্ত্ৰাসবাদী নিহত হয়৷ তাৰ পিছতে দেওবাৰে পুনৰ সেনা-আৰক্ষীয়ে জন্মু-কাশ্মীৰৰ চোপিয়ান জিলাত আত্মগোপন কৰি থকা এটি সন্ত্ৰাসবাদীৰ ছাউনীত অতৰ্কিত আক্ৰমণ চলায়৷
নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দেওবাৰে ৫ সন্ত্ৰাসবাদী নিহত হয়৷ আনহাতে নিহত সন্ত্ৰাসবাদী কেইজনৰ মাজত এগৰাকী হিজবুল মুজাহিদিনৰ শীৰ্ষ নেতাও আছিল বুলি জানিব পৰা গৈছ৷ আনফালে নিহতসকলৰ মাজত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকো আছে৷
আৰক্ষীয়ে জনোৱা মতে, মহম্মদ ৰফি ভাট নামৰ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকগৰাকী সন্ত্ৰাসবাদীসকলৰ বাৰ্তাবাহক আছিল৷ তেওঁ হিজবুল কামাণ্ডাৰ চাদ্দাম পাদ্দাৰৰ সৈতে যোগাযোগ ৰাখিছিল৷