ওদালগুৰিঃ শনিবাৰে বিটিএডিৰ বৰঘৰত বিশাল সভা অনুষ্ঠিত কৰি বিটিএডি দখলৰ হূংকাৰ দিছিল বিজেপিয়ে৷ বিটিএডি দখলৰ হূকাৰ দিয়া বিজেপিৰ বিৰুদ্ধে বিপিএফ প্ৰধান হাগ্ৰামা মিহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও অৰ্ধ সামৰিক বাহিনীয়ে বিজেপিৰ বিৰুদ্ধে যেন তুলিলে পোতক৷ হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ বিৰুদ্ধে পোতক তুলিব লাগিছিল যদিও পোতক তুলিলে অৰ্ধ সামৰিক বাহিনীয়ে৷

বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে শুকুৰবাৰে ৰণশিঙা বজাইছিল ওদালগুৰিত৷ তাৰ পিছতে শুকুৰবাৰে নিশা সুৰাসক্ত নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাক। বিজেপিৰ সভাৰ কাম সমাপ্ত কৰি নিশা ঘৰলৈ গৈ থকা অৱস্থাত স্থানীয় শ্বহীদ বেদীৰ সমীপত ধ্ৰুৱজ্যোতিৰ মোবাইলত এটি ফোন আহে।

ফোনকলটো ৰিচিভ কৰাৰ উদ্দেশ্যে বিজেপি নেতাগৰাকীয়ে স্থানীয় শ্বহীদ বেদীৰ ওচৰত নিজৰ চাৰিচকীয়া বাহনখন ৰখাই ফোনত কথা পাতিব ধৰে৷ ইয়াৰ পাছত কৰ্তব্যৰত চিআৰপিএফ জোৱানে গাড়ীখনলৈ চোচা মাৰি আহি শৰ্মাক প্ৰহাৰ কৰে। লগে লগে শৰ্মাৰ গাড়ীত থকা আন এজন সতীৰ্থই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জোৱানকেইজনে বিজেপি নেতাগৰাকীক বেয়াকৈ প্ৰহাৰ কৰি আহত কৰে।

পথেৰে গৈ থকা প্ৰাক্তন আছুকৰ্মী এগৰাকীৰ তৎপৰতাত বিজেপি নেতাগৰাকীক উদ্ধাৰ কৰি স্থানীয় লোকৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰে। শৰ্মাৰ অভিযোগ অনুসৰি কৰ্তব্যৰত অৱস্থাত থকা জোৱান কেইজনে সুৰাপান কৰি আছিল।

নিশাই ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীক অৱগত কৰা হয়। আনহাতে newsnextone.comৰ সাংবাদিকৰ অনুসন্ধানত ওলাই পৰিল আন এক ৰহস্য। জোৱানকেইজনৰ বিৰুদ্ধে পূৰ্ৱেও আছে বহু অভিযোগ। এক সূত্ৰৰ পৰা পোৱা খবৰ মতে এনে ধৰণৰ কাৰ্যৰ বাবে উক্ত জোৱানকেইজনক ওদালগুৰিলৈ বদলি কৰা হৈছে। বিজেপি নেতাক প্ৰহাৰ কৰা ঘটনাক জিলা বিজেপিয়ে গৰিহনা দিয়াৰ লগতে জোৱান কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।