ওদালগুৰিঃ শনিবাৰে বিটিএডিৰ বৰঘৰত বিশাল সভা অনুষ্ঠিত কৰি বিটিএডি দখলৰ হূংকাৰ দিছিল বিজেপিয়ে৷ বিটিএডি দখলৰ হূকাৰ দিয়া বিজেপিৰ বিৰুদ্ধে বিপিএফ প্ৰধান হাগ্ৰামা মিহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও অৰ্ধ সামৰিক বাহিনীয়ে বিজেপিৰ বিৰুদ্ধে যেন তুলিলে পোতক৷ হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ বিৰুদ্ধে পোতক তুলিব লাগিছিল যদিও পোতক তুলিলে অৰ্ধ সামৰিক বাহিনীয়ে৷
বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে শুকুৰবাৰে ৰণশিঙা বজাইছিল ওদালগুৰিত৷ তাৰ পিছতে শুকুৰবাৰে নিশা সুৰাসক্ত নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাক। বিজেপিৰ সভাৰ কাম সমাপ্ত কৰি নিশা ঘৰলৈ গৈ থকা অৱস্থাত স্থানীয় শ্বহীদ বেদীৰ সমীপত ধ্ৰুৱজ্যোতিৰ মোবাইলত এটি ফোন আহে।