newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৬-২০১৭ চনৰ লগতে বৰ্তমানলৈ কিমান কৃষক আত্মহত্যা কৰিলে কেন্দ্ৰীয় চৰকাৰে তথ্য ৰাজহুৱা কৰা নাই৷ উচ্চপদস্থ বিষয়াৰ মতে ৰাজ্য চৰকাৰ সমূহে তথ্য প্ৰেৰণ নকৰাৰ বাবেই এই তথ্য প্ৰকাশ কৰিব পৰা হোৱা নাই৷
বিগত মাহত কেৱল মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ৬গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ দেশৰ বিৰোধীয়ে ইয়াকে লৈ চৰকাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগে লগে চাঞ্চল্যকৰ তথ্যও প্ৰকাশ পাইছে৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰেয়ে ২০১৫ চনৰ পৰা কৃষকৰ আত্মহত্যাৰ কোনো তথ্য ৰাজহুৱা কৰা নাই৷ ইয়াৰ পূৰ্বে এই তথ্য প্ৰতিবছৰে প্ৰকাশ কৰিছিল নেশ্যনেল ক্ৰাইম ৰেকৰ্ডে ব্যুৰেই৷ কিন্তু ২০১৫ চনৰ পৰা এই তথ্য ৰাজহুৱা কৰা নাই৷