43
বঢ়মপুৰঃ গাঁৱৰ হোজা কৃষকৰ ধৈৰ্য্যৰ বান্ধ ছিঙিলে পৰিস্থিতি ভয়াবহ হোৱাৰ অলেখ উদাহৰণ আছে৷ মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, কৰ্ণাটকৰ কৃষকে দেশৰ চৰকাৰক শলঠৈকত পেলাই দিল্লীত নানা ভংগীমাৰে প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
ইমানে নহয় মধ্য প্ৰদেশৰ কৃষকে গাঢ়ী মটৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ মাজতে ৰাজ্যৰ এটি চৰকাৰী কাৰ্যালয়ত ক্ষোভিত একাংশ কৃষকে হাতত এচাৰি, কোৰ টাঙোণ লৈ উপস্থিত হোৱাত চৰকাৰী বিষয়ী-কৰ্মচাৰীৰ মাজত তীব্ৰ আশংকাৰ সৃষ্টি হৈছে৷