নগাঁওঃ ৰাজ্য খনৰ ৮০ শতাংশ লোকেই কৃষি প্ৰধান। বনৰীয়া হাতী, বানপানী, পোক আদিয়ে ৰাজ্যৰ কৃষকসকলক জুৰুলা কৰি অহা পৰিলক্ষিত হৈছে। তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দিছে অসাধু বাৱসায়ীয়ে। ভেজাৰ সাৰ-কীটনাশক বিক্ৰি কৰি মাধমাৰ শোধাইছে ৰাজ্যৰ কৃষকসকলক।
ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কৃষিপ্ৰধান নগাঁও জিলাৰ গ্ৰাম্যঞ্চলত সম্প্ৰতি বৃদ্ধি পাব ধৰিছে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধৰ অনুজ্ঞাপত্ৰহীন দোকানৰ সংখ্যা। কাঠফুলাৰ দৰে গঢ়ি উঠা দোকানসমূহে গ্ৰাম্যঞ্চলৰ কৃষকক মাজত উপকৃত কৰাৰ বিপৰীতে বহু সময়ত বিপাঙতহে পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷