নগাঁওঃ সাৱধান আপুনিও চিকাৰ হ'ব পাৰে চাইবাৰ অপৰাধীৰ৷ আপুনি অৱগত নোহোৱাকৈ একাউণ্টৰ টকা নোহোৱা হৈ থাকিব পাৰে। তেনে এক অপৰাধৰ চিকাৰ হ’ল নগাঁও জিলাৰ এগৰাকী মহিলা। মহিলাগৰাকী বেংক একাউন্টৰ টকা লুটি নি আৰক্ষীৰ জালত পৰিল এটা চাইবাৰ অপৰাধী৷ 

জিলাখনৰ কামপুৰ আৰক্ষী থানাৰ এলেকাধীন মিকিৰগাঁৱৰ এগৰাকী মহিলাৰ বেংক একাউন্টৰ পৰা কিছুদিন আগতে ইন্টাৰনেট হেকিঙৰ জৰিয়তে ২৮ হাজাৰ টকা কোনো দুষ্ট চক্ৰই সৰকাই নিছিল৷

পিছত মহিলাগৰাকীয়ে বেংকৰ একাউণ্ট আপ-ডেট কৰোতে ধন হেকিং হোৱাৰ কথা অৱগত হৈ স্থানীয় কামপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল৷ 

আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ ৫৪/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে আৰু নগাঁও আৰক্ষীৰ চাইবাৰ চেলে কামপুৰ, কঠিয়াতলি আৰু মিকিৰগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই মিকিৰগাঁৱৰ পৰা ৰক্তিম বৰা নামৰ ২২ বছৰীয়া এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ 

ধৃত এই যুৱকজনে ইন্টাৰনেট হেকিঙৰ জৰিয়তে অনলাইন শ্ব’পিঙৰ সহায়ত মহিলাগৰাকীৰ বেংক একাউণ্টৰ পৰা ২৮ হাজাৰ টকা কৌশলেৰে হৰলুকি কৰিছিল।