52
নগাঁওঃ সাৱধান আপুনিও চিকাৰ হ’ব পাৰে চাইবাৰ অপৰাধীৰ৷ আপুনি অৱগত নোহোৱাকৈ একাউণ্টৰ টকা নোহোৱা হৈ থাকিব পাৰে। তেনে এক অপৰাধৰ চিকাৰ হ’ল নগাঁও জিলাৰ এগৰাকী মহিলা। মহিলাগৰাকী বেংক একাউন্টৰ টকা লুটি নি আৰক্ষীৰ জালত পৰিল এটা চাইবাৰ অপৰাধী৷
জিলাখনৰ কামপুৰ আৰক্ষী থানাৰ এলেকাধীন মিকিৰগাঁৱৰ এগৰাকী মহিলাৰ বেংক একাউন্টৰ পৰা কিছুদিন আগতে ইন্টাৰনেট হেকিঙৰ জৰিয়তে ২৮ হাজাৰ টকা কোনো দুষ্ট চক্ৰই সৰকাই নিছিল৷