65
নগাঁওঃ চাইবাৰ ক্ৰাইম চক্ৰৰ কবলত পৰি এইবাৰ বুজন পৰিমাণৰ জমা ধন হেৰুৱাবলগীয়া হ’ল নগাঁৱৰ এজন চৰকাৰী কৰ্মচাৰীয়ে৷ দুৰ্ভগীয়া এই কৰ্মচাৰীজন হৈছে জিলাখনৰ গোমোঠাগাঁৱৰ চন্দ্ৰ কান্ত বৰা৷
জানিব পৰা মতে, এই চৰকাৰী কৰ্মচাৰীজনলৈ ৭৪৯২৯-৫৬৭১২ নম্বৰৰ মোবাইলৰ পৰা হিন্দী ভাষী কোনো অজ্ঞাত লোকে ভাৰতীয় ষ্টেট বেংকৰ মুম্বাইস্থিত এ টি এম চেন্টাৰৰ কৰ্মচাৰী বুলি চিনাকি দি বৰাৰ ৯৭০৬০-৫৬৪৭২ নম্বৰৰ মোবাইললৈ ফোন কৰি তেওঁৰ এ টি এমৰ যাবতীয় তথ্য বিচাৰে৷