কোকৰাঝাৰঃ বৃহস্পতিবাৰে নিশা অহা প্ৰৱল ঘূৰ্ণী বতাহৰ ফলত কোকৰাঝাৰত ব্যাপক ক্ষতিসাধন হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহৰ ফলত বহু বাসগৃহৰ টিনৰ চাল উৰুৱাই নিয়াৰ লগতে বৈদ্যুতিক খুটা, বিএছএনএলৰ টাৱাৰ অাদিও ভাঙি পৰে।
নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱা প্ৰৱল বৰষুণৰ সৈতে অহা এজাক ঘূৰ্ণী বতাহে বালাজানৰ মুন্দুৰা মুহলীৰ বাসগৃহটো সম্পূৰ্ণৰূপে ধ্বংসস্তুৱত পৰিণত কৰে। মন্দুৰা মুহলীৰ পৰিয়ালটোৱে বিপদৰ অাগজাননী পাই ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগেই বাসগৃহটো ভাঙি পৰে অাৰু দৈব্যক্ৰমে পৰিয়ালটো ৰক্ষা পৰে।