55
ৰঙিয়া: মহকুমাৰ সোনেশ্বৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটিএম ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা চাৰি ডকাইটক আজি আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে।
ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ পেগুৱে ডকাইত কেইজনক চেন্নাইলৈ ৰেলেৰে গৈ থকা অৱস্থাতে ৰেলৰ পৰা আটক কৰে। যোৱা ১৩ তাৰিখে কমলপুৰ থানাৰ অন্তৰ্গত সোনেশ্বৰস্থিত এছবিআইৰ এটিএমটো ডকাইতে লুটি লৈ গৈছিল। মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে ধৃত ডকাইত কেইজন জড়িত থকাটো নিশ্চিত হৈ অভিযান অব্যাহত ৰখিছিল।