বাক্সাঃ এফালে ৰাজ্যৰ সংস্কৃতিত আধুনিকতাই ক’লা দাগ সানিলেও আনফালে কিন্তু এতিয়াও ৰাজ্যৰ পৰা শেষ হোৱা নাই অন্ধবিশ্বাসৰ প্ৰৱনতা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াো বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অন্ধবিশ্বাসৰ কবলত পৰি৷ বিশেষকৈ গ্ৰাম্যঞ্চলৰ অশিক্ষিত লোকসকলৰ মাজতে দেখা পোৱা যায় অন্ধবিশ্বাসৰ প্ৰৱণতা৷
ৰাজ্যৰ প্ৰশাসনে অন্ধবিশ্বাস নিৰ্মূল কৰিবলৈ চেষ্টা চলাই থকা সময়তে এইবাৰ অন্ধবিশ্বাসৰ বশবৰ্তী হ’ল খোদ আৰক্ষী জোৱান৷ বাক্সা জিলাৰ ডুমুনী চাহ বাগিছাত সংঘটিত হ’ল এই ঘটনা৷ শুকুৰবাৰে বাগানখনৰ ৫ নম্বৰ লাইনত আৰক্ষীৰ ৪ জোৱানে এগৰাকী বৃদ্ধাক ডাইনী সন্দেহ কৰি আক্ৰমণ চলায়৷ ফলত বৃদ্ধাগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়৷