খাৰুপেটীয়াঃ কণ-কণ শিশু সকলৰ লগতে যুৱপ্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰতিবছৰেই অসম চৰকাৰৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ নিৰ্দেশত দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অধীনত বেছিমাৰী ডায়মণ্ড ক্লাৱত আন আন বছৰত অনুষ্ঠিত কৰাৰ দৰে এইবাৰে আৰ্যভট্ট কেন্দ্ৰৰ উদ্যোগত বিজ্ঞানভিত্তিক বিভিন্ন কাৰ্যসূচী দলগাঁৱৰ বটাবাৰীস্থ চকৰাবস্তি এম ই মাদ্ৰাছাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷
ৰফিক চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু বিজ্ঞানভিত্তিক বিভিন্ন আৰ্হি প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ তাচলিমা বেগমে প্ৰথম স্থান, সংস্কৃত বিদ্যাপীঠৰ ছুমায়া ইয়াছমিনে দ্বিতীয় স্থান আৰু জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ নাছাদ ফাৰহাই তৃতীয় স্থানত দখল কৰে।