ডিজিটেল ডেস্কঃ উচ্চ সম্প্ৰদায়ৰ লোকৰ চুবুৰীৰে কোনো দলিত সম্প্ৰদায়ৰ দৰাঘৰীয়া পাৰ হৈ যাবলৈ আগতীয়াকৈ 'বাৰাত নটিচ’ দিব লাগিব। এই নতুন নিয়ম মধ্যপ্ৰদেশৰ উজ্জয়ন জিলাৰ মহীদপুৰ টেহচিলৰ কৰ্তৃপক্ষৰ। দৰাঘৰীয়াই আগতীয়াকৈ গাওঁ পঞ্চায়তৰ পৰা আৰম্ভ কৰি আৰক্ষী থানালৈকে তিনিদিন আগতেই খবৰ দিব লাগিব। 

উচ্চ সম্প্ৰদায়ৰ লোকৰ চুবুৰীৰে ঘোৰাত উঠি যোৱা দলিত সম্প্ৰদায়ৰ দৰাক দাবী-ধমকি দি নামিবলৈ বাধ্য কৰাৰ অভিযোগ তুলি  উজ্জয়নৰ নাগুৰিয়া গাঁৱত ১৭ জন লোকৰ বিৰুদ্ধে দলিত গৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘাতে দেখা দিছিল।

মহীদপুৰৰ উপ মহকুমাধিপতি জগদীশ গোমে এখন জাননীযোগে গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে বিষয়-বাবত থকা সকলোকে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।