ডিজিটেল ডেস্কঃ প্ৰেমিকৰ সৈতে মন্দিৰলৈ গৈ ওভতাৰ পথত প্ৰেমিকৰ সন্মুখতে গণ ধৰ্ষণৰ বিল হ’ল এগৰাকী দলিত যুৱতী৷ কেৱল ইমানে নহয় মোবাইলত আবদ্ধও কৰিলে সমস্ত দৃশ্য৷ সোমবাৰে ওড়িশাত সংঘটিত হয় এই ঘটনা৷ সোমবাৰে দুপৰীয়া ৰাজ্য খনৰ গঞ্জাম জিলাৰ ভঞ্জনগঢ়ৰ ঐতিহ্যমণ্ডিত ঠাকুৰাণি মন্দিৰ দৰ্শন কৰি এহাল প্ৰেমিক-প্ৰেমিকাই ওভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে তীব্ৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি হয়৷
ৰাজ্যৰ চৰকাৰ খনকো আইন-শৃংখলা ৰক্ষা কৰাত বিফল হোৱা বুলি আক্ৰমণ কৰে৷ এই খবৰক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে লয়৷ জানিব পৰা মতে, সোমবাৰে দুপৰীয়া ৰাজ্যখনৰ গঞ্জাম জিলাৰ ভঞ্জনগঢ়ৰ ঐতিহ্যমণ্ডিত ঠাকুৰাণি মন্দিৰ দৰ্শন কৰি এহাল প্ৰেমিক-প্ৰেমিকাই ওভতি আহি আছিল৷ প্ৰেমিকাগৰাকী এগৰাকী ছাত্ৰী৷ মন্দিৰৰ পৰা কিছু দুৰ অহাৰ পিছতে দুখন বাইকত অহা ৬জন উদণ্ড যুৱকে প্ৰেমিক-প্ৰেমিকা হালক পথত আগভেটা দি ৰখাই৷