গোৰেশ্বৰঃ গীত-নৃত্য-সুৰৰ মূৰ্চ্ছনাৰে এজাক কণ কণ শিশুৱে মুগ্ধ কৰিলে ৰাইজক। বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰামছাস্থিত মেদিনী চৌধুৰী সোঁৱৰণী মঞ্চত মঙলবাৰে সুৰ সংগম সংগীত বিদ্যালয়ে আয়োজন কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দ্বি-বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ আনুষ্ঠিত হৈ যায়।
সুৰ সংগম সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা গণশিল্পী ঘন ডেকাই ন-পুৰণি শিক্ষাৰ্থী অনুভৱ শীৰ্ষক অনুষ্ঠান মুকলি কৰি সংগীতৰ বিভিন্ন ধাৰা সম্পৰ্কে ব্যাখ্যা আগবঢ়াই। ন-পুৰণি শিক্ষাৰ্থীৰ লগতে অভিভাৱকৰ অনুভৱ শীৰ্ষক অনুষ্ঠানৰ আঁত ধৰে মনোজ কুমাৰ ডেকাই। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত বন্তি প্রজ্বলন কৰে মেদিনী চৌধুৰী সোঁৱৰণী মঞ্চ, প্ৰেক্ষাগৃহ আৰু গ্ৰাম্য পুথিভঁৰালৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজেন চৌধুৰী আৰু সাংস্কৃতিক কৰ্মী দীপু চৌধুৰীয়ে।