ৰঙিয়াঃ হাচান আলী নামৰ এগৰাকী আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে দৰং জিলাৰ ধূলাত পুৱাৰে পৰা হাজাৰ হাজাৰ লোক ওলাই আহিছিল ৰাজ পথলৈ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ-থানা ঘেৰাওঁ কৰি দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হয়৷
আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ লোকজনৰ মৃত্যু হয়৷ তাৰ পিছতে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে এ বি এমছুৱে৷ এক বিবৃতিত যোগে সংগঠনটোৰ সহকাৰী সাধাৰন সম্পাদক মইনুদ্দিন আলিয়ে যোৱা ৯ জানুৱাৰীত দৰং জিলাৰ ধূলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে হাচান আলী নামৰ এজন ব্যক্তিক ঘৰৰ পৰা উঠাই আনি গোটেই নিশা থানা চৌহদত নিৰ্মম অত্যাচাৰ চলাই হত্যা কৰা বুলি কয়।