মঙলদৈঃ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কাকো ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ সময়তে অসম আৰক্ষীৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ পিছত এইবাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত খণ্ড উন্নয়ণ বিষয়া৷
দৰং জিলাত একাংশ বিষয়াই ব্যাপক দুৰ্নীতি সংঘটিত কৰি টকাৰ পাহাৰ সজোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে জিলা খনৰ পূৱ মঙলদৈৰ খণ্ড উন্নয়ন বিষয়া ওৱাহিদুৰ ৰহমানক কাম কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে৷