ফখৰুল ইছলাম, দৰং
দৰংঃ এক অবৰ্ণনীয় হাৰাশাস্তিৰ মাজেৰে চলিছে এন আৰ চি ৰ শুনানিৰ কাম৷ শুনানিৰ কেন্দ্ৰ সমুহত চৰকাৰে কোটি কোটি টকা খৰচৰ বাবদ আৱণ্টন দিছে যদিও কেন্দ্ৰ সমূহত পৰ্যাপ্ত সা সুবিধা নথকাত তীব্ৰ কষ্টকৰ পৰিৱেশৰ মাজত লোকসকলে শুনানী কেন্দ্ৰত উপস্থিত থাকিব লগা হৈছে৷
কেন্দ্ৰত বহাৰ সুবিধাতো দুৰৰে কথা প্ৰচণ্ড ৰ'দ বৰষুণৰ মাজতে মুক্ত আকাশৰ তলত থিয় হৈ ঘণ্টাকে ঘণ্টাৰ মুৰত নথিপত্ৰ দেখোৱাবলৈ সক্ষম হৈছে৷ প্ৰাথমিক চিকিৎসাৰ কোনো সুবিধা নথকাত হঠাতে অসুস্থ হোৱা শিশুৰে পৰা আৰম্ভ কৰি বৃদ্ধ পুৰুষ আৰু মহিলাৰ তীব্ৰ কষ্টকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা দৰঙৰ খাৰুপেটীয়া, দলগাঁও শুনানিৰ কেন্দ্ৰত উপস্থিত হৈ জাননী দিয়া সময়ত নাপায় এন আৰ চি ৰ বিষয়া কৰ্মচাৰীক৷ অভিযোগ মতে ঘণ্টাকে ঘণ্টা ধৰি ৰৈ থকাৰ পিছত এন আৰ চিৰ শুনানিৰ কেন্দ্ৰত উপস্থিত হয়হি বিষয়া কৰ্মচাৰী৷ এই ক্ষেত্ৰত এন আৰ চি ৰ সমন্বয়ক প্ৰতীক হাজেলাক এই কেন্দ্ৰ সমূহত ৰাইজৰ সুবিধাৰ্থে উপযুক্ত ব্যবস্থা ল’বলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে সৰ্বসাধাৰণ ৰাইজে৷