Home ৰাজ্যদৰঙৰ দলগাৱঁত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি

দৰঙৰ দলগাৱঁত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি

by News Desk
A+A-
Reset
Screenshot (580)-crop

দৰংঃ দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ওৰাং ফৰেষ্ট ৰ’ডৰ সংলগ্ন বাগিছা কাষ, ঘিলাধাৰী, নাওৰা সিচা আৰু বেছিমাৰী আদি গাঁৱত যোৱা নিশা শিলা-বৃষ্টি আৰু প্ৰৱল ধুমুহাৰ ফলত ঘৰ-দুৱাৰ, খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন হয়।

নিশাৰ ভাগত হোৱা ধুমুহাত বহুতৰে ঘৰৰ টিন উৰুৱাই নি পথাৰৰ মাজত পেলায়। গছ-গছনি বাগৰি পৰাৰ ফলত বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে। প্ৰচণ্ড ধুমুহাত পাচলি খেতিৰো বিস্তৰ ক্ষতি সাধন কৰে৷
 
ধুমুহাৰ ফলত ঘৰ ভাঙি দুগৰাকী লোক আহত হয়৷ পৱিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে হঠাৎ নিশাৰ ধুমুহাই ক্ষতিগ্ৰস্ত ইছলাম ধৰ্মী লোক সকলে ৰোজাৰ চেহৰী খোৱাত বাধা গ্ৰস্ত হৈ পৰে বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0