ফখৰুল ইছলাম, দৰং

দৰংঃ ৰাজ্যত অব্যাহত আছে বোৱাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ দৰং জিলাৰ দলগাঁৱত সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা। 

এজিলা খাতুন নামৰ নাবালিকা ছোৱালীৰ এজনীৰ লগত অভিযুক্ত (স্বামী) আজিজুৰ ৰহমানৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ছোৱালীজনীৰ বয়স আছিল মাত্ৰ ১৬ বছৰ৷ আনহাতে, আজিজুৰ তেওঁৰ আগৰ পত্নীৰ দুই সন্তানৰ পিতৃ আছিল। তথাপিও যেন থমকি নৰ’ল দুয়োৰে প্ৰেম৷ শেষত আজিৰপৰা ছমাহ আগত পলাই দুয়ো বিবাহ পাশত আৱদ্ধ হয়৷

তাৰপাছৰপৰাই স্বামীৰ পৰিয়ালে ন-বোৱাৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে ছোৱালীজনীৰ পৰিয়ালে৷ যোৱাকালি হঠাৎ বোৱাৰী গৰাকীৰ মৃত্যু হোৱাত দলগাঁৱৰ ৰোহিনীকাষত এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে। 

ছোৱালীজনীৰ পৰিয়ালে হত্যাৰ অভিযোগ তুলি দলগাঁও থানাত এজাহাৰ দাখিল কৰিছে অভিযুক্ত জোঁৱাইয়েকৰ বিৰুদ্ধে। দলগাঁও আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবলৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ঘটনাটো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷