দৰংঃ দৰং জিলাৰ ধূলাত যোৱা কালি সংঘটিত হ’ল এক আত্মহত্যাৰ ঘটনা। ধূলা থানাৰ অন্তৰ্গত টাংনিঝাৰ গাঁওৰ ছিদ্দিক আলিৰ ১৩ বছৰীয়া কন্যা চাবিনা বেগমে ডিঙিত উৰুণাৰে চিপলৈ আত্মহত্যা কৰে।
জানিব পৰা মতে মৃত্যু কিশোৰীজনীৰ পিতৃ-মাতৃয়ে এনআৰচিৰ শুনানিৰ বাবে এনআৰচি কাৰ্যালয়ত গৈছিল, ঘৰত কোনো নথকাৰ সুযোগ লৈ চাবিনা বেগমে সংঘটিত কৰে উক্ত ঘটনা। আবেলি প্ৰায় ৩ মান বজাত কিশোৰী গৰাকীৰ পিতৃ মাতৃ কাৰ্যলয়ৰপৰা ঘূৰি আহি ঘৰৰ ভিতৰত চাবিনাই চিপ লোৱা অৱস্থাত দেখা পাই কান্দুনত ভাগৰি পৰে পৰিয়ালটোৱে।