newsnextone.com | মঙলদৈঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত স্থানশূন্য হৈ পৰিল দৰং জিলা৷ যি সময়ত ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে তেনে সময়তে শিক্ষাৰ ক্ষেত্ৰত সদায় এক বিশেষ ভূমিকা পালন কৰি অহা দৰং জিলা এইবেলি স্থান শূন্য হৈ পৰিল৷ এগৰাকীও পৰীক্ষাৰ্থীয়েও প্ৰথম দহটা স্থানত স্থান লাভ নকৰাত চিন্তা জাহিৰ কৰে সচেতন লোকে৷ জিলাখনৰ শৈক্ষিক মানদণ্ড উন্নত যদিও কোনো এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিব নোৱাৰিলে৷
কিন্তু সামগ্ৰীক ভাবে আশাজনক ফলাফল দেখুৱাই জিলা খনে৷ যোৱাটো বৰ্ষত জিলা খনৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ দৰং জিলাত মুঠ ৯১২৫ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ২৪৫৪ গৰাকীয়ে প্ৰথম বিভাগত, ২৬৩৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৯৪৩গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে৷ ৬৬.১২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৬০৩৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ সামগ্ৰিকভাৱে ফলাফল ভাল যদিও স্থান লাভ নকৰাত শৈক্ষিক মহল বাৰুকৈয়ে চিন্তিত হৈছে।