ফখৰুল ইছলাম,দৰং

দৰংঃ বিগত কেইদিনমানৰ পৰা হৈ থকা বৰষুণৰ ফলত দৰং জিলাৰ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত শ শ বিঘা মাটিৰ শাক পাচলি জাহ গৈছে বৰষুণৰ পানীত৷ সৰ্বস্ৰান্ত হৈছে কৃষক৷ চাৰিওফালে হাহাকাৰ পৰিস্থিতি৷

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক শাক পাচলি উৎপন্ন হোৱা অঞ্চল হিচাপে বিশেষ স্থান দখল কৰা বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ একুৰিৰো অধিক গাঁৱৰ শ শ বিঘা মাটিৰ পাচলি খেতি বৰষুণৰ পানীত বিনষ্ট হৈছে৷

খাৰুপেটীয়াৰ বাঁহাবাৰী, বিহুদিয়া বৰুৱাঝাৰ, গদাইজাৰ, বৰংগাবাৰী, উলুবাৰী, নিজ বৰুৱাঝাৰ, শ্যামপুৰ, আৰিমাৰি চৰাঞ্চলৰ দহখনৰো অধিক গাঁও, ইছলামপুৰ, আদি গাঁওসমুহৰ দুখীয়া কৃষকসকলে বিলাহী, বেঙেনা, ভেণ্ডি, জিকা, ধুন্দলী, আদি অন্যান্য পাচলি খেতিৰ লগতে জোৱাৰৰ খেতি  বৰষুণৰ জমা পানীত পচি মৰহি গৈছে৷

বিঘাই প্ৰতি প্ৰায় দহ হাজাৰতকৈ অধিক টকা খৰচ কৰি পাচলি খেতি সমুহ কৰাৰ পিছত বৰ্তমান পাচলি খেতিত লগাৰ সময়তে কিছুদিনৰপৰা হৈ থকা বৰষুণৰ ফলত পাচলি খেতিৰপৰা উঠোৱাৰ পূৰ্বেই এইদৰে পচি পচি গৈছে পাচলি সমুহ৷

একাংশই দুই চাৰি হাজাৰ টকাৰ পাচলি বিক্ৰী কৰাৰ পিছতেই এই অৱস্থাৰ সন্মুখীন হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বৰ্তমান পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ মাজত খেতিৰপৰা কিবা লাভালাভৰ আশাত চেঁচাপানী পৰিল কৃষকৰ মূৰত৷ ঈদৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এই সকল কৃষকে ঈদৰ খৰচ ক’ৰ পৰা সংগ্ৰহ কৰিব সেই লৈ বিবুদ্ধিত ভোগাৰ লততে হতাশাত ভূগিছে কৃষক সকলে৷

বিনষ্ট হোৱা খেতি পথাৰত ইতিমধ্যে দৰং জিলা কৃষি বিভাগে পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় যদিও এতিয়াও কোনো ক্ষতিপুৰণৰ কোনো ব্যৱস্থা লোৱা নাই বুলি কৃষকে সাংবাদিকক জানিবলৈ দিয়ে৷ কৃষকৰ দাবী সোনকালে বিভাগীয় কৰ্তৃপক্ষই তদন্ত মৰ্মে ক্ষতিপূৰণ পোৱাৰ বাবে ব্যৱস্থা হাতত লোৱাৰ আশা কৰিছে ৰাইজে৷