ফখৰুল ইছলাম,দৰংঃ দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দহ খনৰো অধিক গাঁও ধনশিৰি নৈ’ৰ বাঢ়নি পানীয়ে প্লাবিত কৰাৰ ফলত শ শ বিঘা শালি খেতি, মৰা পাট শাক-পাচলি বিনষ্ট হৈছে।
গাঁওবোৰ সম্পূৰ্ণ জলমগ্ন হৈ পৰাত গঁঞা ৰাইজে চৌকা জ্বলাব পৰা নাই, গৰু ছাগলীবোৰক লৈ ৰস্তাৰ মাজত চালি বান্ধি আশ্ৰয় লৈ আছে।ধনশিৰি নৈ খনৰ দুয়োপাৰে অতি নিম্নমানৰ জি অ বান্ধ দিয়াৰ ফলত পূৱ দক্ষিন দিশত থকা বেছিমাৰী গাঁৱৰ মাথাউৰি আৰু ৰঙাগড়া গাঁৱলৈ যোৱা নতুনকৈ নিৰ্মীয়মাণ হোৱা ৰাস্তা বানে খহাই নিয়াৰ ফলত বহুকেইখন গাঁও প্লাবিত হয়।