ফখৰুল ইছলাম,দৰংঃ একেৰাহে পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ পানী উফন্দি উঠাত প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দৰং জিলাও।
দৰং জিলাৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া, ডিম্বুচৰ, ছাতিহাৰা, আটাকাটা শনিৰচৰ, কিৰাকাটা, মাগুৰমাৰী, বদলিৰ চৰ, শ্যামপুৰ, খেৰনি, ৰৌমাৰী, আদিকে ধৰি অৰ্ধ শতাধিক গাঁও ও হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বৰ্তমান পানীৰ তলত।
বানৰ কবলত পৰি পশুধনৰ লগতে বানাক্ৰান্তই ককবকাইছে যদিও চকুমুদা কুলিৰ ভাওত মঙলদৈ ও দলগাঁও সমষ্টিৰ বিধায়ক ক্ৰমে গুৰুজ্যোতি দাস আৰু ইলিয়াচ আলি।
জন প্ৰতিনিধিৰ আহৰি নাই যদিও দেওবাৰে দুয়োটা সমষ্টিত বানত ককবকাই থকা বানাক্ৰান্তৰ খবৰ ল’বলৈ উপস্থিত হয় আমছুৰ এটা সজাতি দল। দৰং জিলা আমছুৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, জিলা আমছুৰ সভাপতি আলেপ উদ্দিনসহ আমছুৰ সজাতি দলটোৱে বানাক্ৰান্ত গাঁওসমূহ পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।
বানপানীত দেখা দিয়া সমস্যা সমূহ অতি সোনকালে সমাধান কৰিবলৈ আহ্বান জনায়।
সমস্যাসমূহ:-
১)মানুহৰ লগতে জীৱ জন্তুৰ বাবে ওখ ভেটিৰ প্ৰয়োজন।
২)খোৱা-খাদ্যৰ যোগান।
৩)পশু আৰু মানুহৰ চিকিৎসাৰ ব্যৱস্থা কৰা।
৪)ক্ষয়-ক্ষতি হোৱা খেতিবাতিৰ (মৰা-পাট আৰু মাকৈ)ৰ উপযুক্ত ক্ষতি পূৰণৰ ব্যৱস্থা কৰা।
৫)বানাক্ৰান্তত বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা লোকসকলৰ বাবে চৰকাৰী ভাবে যাতায়ত ব্যৱস্থা।