63
দৰংঃ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান চলি থকাৰ মাজতে ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দলগাঁৱৰ ৩৪ নং ছৰিছা বাৰী প্ৰাথমিক বিদ্যালয় (বাঁও) কেন্দ্ৰৰ পুলিঙ বিষয়াৰ বিৰুদ্ধ উত্থাপন হৈছে গুৰতৰ অভিযোগ।
মল্লিকা বেগম নামৰ এগৰাকী বৃদ্ধাক বলপূৰ্বকভাৱে বিজেপিত ভোট দিওৱাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। মহিলাগৰাকীয়ে ভোট কেন্দ্ৰৰপৰা ওলাই নিজ পুত্ৰক বিষয়টো অৱগত কৰাৰ পাছতে কেন্দ্ৰটোত থকা ভোটাৰসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।