128
মৰিগাঁওঃ ভোটাৰৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন সজাগতামূলক অভিযানক সন্মান প্ৰদৰ্শন কৰি বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াত ১০২ বছৰীয়া এগৰাকী বৃদ্ধই নিজৰ ভোটদান সাব্যস্ত কৰি এক আলোড়ন সৃষ্টি কৰে।
জিলাখনত পুৱাৰেপৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতেই নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ ওলাই অহা ১০২ বছৰীয়া বৃদ্ধ গৰাকীৰ নাম হৈছে ৰহিম দাস। ১০২ বছৰীয়া বৃদ্ধ ৰহিম দাসৰ ঘৰ মৰিগাঁও নগৰৰ পচতীয়াত।