খাৰুপেটীয়াঃ বেছমাৰী আদি বিভিন্ন ভিতৰুৱা অঞ্চলতো চলি থকা অসামাজিক কাৰ্যকলাপ বন্ধ ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰং জিলা আমছুৰ সভাপতি আলেপ উদ্দিন আহমেদ, সাধাৰণ সম্পাদক মাহবুবুল হক আৰু সম্পাদক আব্দুছ ছামাদ  আৰু আবুল কালাম আজাদে দৰং জিলা প্ৰশাসনক দাবী জনাইছে৷

এক প্ৰেছ বিবৃতি যোগে শুকুৰবাৰে আমছুৰ নেতৃবৰ্গই জানিবলৈ দিয়া মতে আজি বহু দিনৰপৰা দৰঙৰ খাৰুপেটীয়া, দলগাও, বেছিমাৰী, ধুলা আদি বিভিন্ন ঠাইত অনুষ্ঠিত হৈ থকা মেলা সমুহত তীৰ খেল বিভিন্ন ধৰণৰ জুৱা খেলা অবাধে চলি আহিছে যদিও মেলা কমিটি সমুহে কোনোধৰণৰ ব্যৱস্থা লোৱা নায়৷

এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনে মেলা সমূহ অনুষ্ঠিত হোৱাৰ পূৰ্বেই উক্ত অসামাজিক কাৰ্যকলাপসমুহ বন্ধ কৰিবলৈ আমছুৰ নেতৃবৰ্গই দাবী জনায়৷ উল্লেখ্য যে, মেলাত তীৰ জুৱাৰ লগতে অশ্লীল নৃত্য, মাইকত অতি উচ্চ শব্দ ব্যৱহাৰ কৰা কাৰ্যত কণ কণ ল’ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীৰ নৈতিক চৰিত্ৰ গঠনত, শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়৷ প্ৰেছ বিবৃতিৰ জৰিয়তে এই ক্ষেত্ৰত অঞ্চল বিশেষে সচেতন নাগৰিক সকলৰো সহযোগীতা কামনা কৰিছে আমছুৰ নেতৃবৰ্গই৷