ফখৰুল ইছলাম, দৰংঃ অহা ৪ জুলাইৰপৰা আৰম্ভ হ’বলগীয়া হজযাত্ৰা কুশল সমাপনৰ বাবে বেচিমাৰী কেন্দ্ৰীয় জামে-মছজিদত বেচিমাৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ উদ্যোগত দিনযোৰা কার্যসূচীৰে সম্পন্ন হৈ যায়। 

এই প্ৰশিক্ষণ কার্যসূচীত হজযাত্ৰী সকলে ঘৰৰপৰা মক্কা অভিমুখে যাত্ৰা আৰম্ভ কৰা, বিমানবন্দৰত পদৰ্পণ কৰা, প্রস্থান কৰা, মক্কাত কটোৱা সময়খিনি, এহৰাম কেনেকৈ পৰিধান কৰা, কেনেকৈ কাবা ঘৰ প্ৰদক্ষিণ কৰা তথা সমগ্ৰ যাত্ৰাকালটো নিৰাপদে সম্পন্ন কৰাৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। 

ৰাতিপুৱা ১০ বজাৰপৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ পৰ্ব সম্পাদন কৰে বেচিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আলহাজ নুৰুল ইছলাম, অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গ সহায়ক আলহাজ আব্দুল হক, আলহাজ আব্দুল খালেক, আলহাজ মৌলানা শ্বেখ তালেব উদ্দীন আহমেদ, আলহজ ৰহমত আলীয়ে।

প্ৰশিক্ষণ কাৰ্যসূচীটোত দৰং আৰু ওদালগুৰি জিলাৰ প্ৰায় শতাধিক হজযাত্ৰী উপস্থিত থাকে। প্ৰশিক্ষণৰ শেষত হজযাত্ৰীসকলে বিশ্ব শান্তিৰ হকে আল্লাহৰ ওচৰত দোৱা কৰে। উল্লেখ্য যে, অহা ৪ জুলাইৰপৰা ১৯ জুলাইলৈকে সম্পন্ন হ’বলগীয়া এইবাৰ পৱিত্ৰ হজযাত্ৰাত দৰং আৰু ওদালগুৰি জিলাৰ ১৩১ জন হজযাত্ৰীয়ে ভাগ ল’ব৷ ইয়াৰে ৩৪ গৰাকী মহিলা হজযাত্ৰী আছে বুলি দৰঙৰ হজযাত্ৰীৰ সহায়ক হিচাপে কাম কৰা আলহাজ ছাইফুল ইছলামে জানিবলৈ দিয়ে।