ফখৰুল ইছলাম, দৰংঃ অহা ৪ জুলাইৰপৰা আৰম্ভ হ’বলগীয়া হজযাত্ৰা কুশল সমাপনৰ বাবে বেচিমাৰী কেন্দ্ৰীয় জামে-মছজিদত বেচিমাৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ উদ্যোগত দিনযোৰা কার্যসূচীৰে সম্পন্ন হৈ যায়।
এই প্ৰশিক্ষণ কার্যসূচীত হজযাত্ৰী সকলে ঘৰৰপৰা মক্কা অভিমুখে যাত্ৰা আৰম্ভ কৰা, বিমানবন্দৰত পদৰ্পণ কৰা, প্রস্থান কৰা, মক্কাত কটোৱা সময়খিনি, এহৰাম কেনেকৈ পৰিধান কৰা, কেনেকৈ কাবা ঘৰ প্ৰদক্ষিণ কৰা তথা সমগ্ৰ যাত্ৰাকালটো নিৰাপদে সম্পন্ন কৰাৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।